শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত , পাঁচজন গুৰুতৰভাৱে আহত
শ্ৰীভূমি, ১৫ জানুৱাৰী (হি.স.)। মাজনিশা শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হয় , পাঁচজন গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিবৰণ অনুসৰি, বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননী পোৱাৰ পাছত মধুৰবন্ধ গাঁৱৰ বাসিন্দ
শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত , পাঁচজন গুৰুতৰভাৱে আহত


শ্ৰীভূমি, ১৫ জানুৱাৰী (হি.স.)। মাজনিশা শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত থিতাতে এজন নিহত হয় , পাঁচজন গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিবৰণ অনুসৰি, বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননী পোৱাৰ পাছত মধুৰবন্ধ গাঁৱৰ বাসিন্দা সকলে নিজৰ নিজৰ ঘৰ ভাঙি আসবাব-পত্ৰ লৈ ৰাতাবাড়ীলৈ গৈ থাকোঁতে নাৰায়ণপুৰ ঘিলাইটিকৰ পাহাৰত দুৰ্ঘটনাটো সংঘটিত হয় । এএছ ১০চি ৩১৪২ নম্বৰৰ এখন বলেৰ’ পিকআপ বাহন পাহাৰত উঠি থাকোঁতে আগত এখন বাহন থকাৰ বাবে ব্ৰেক লগাবলৈ যাওঁতে হঠাতে ব্ৰেক ফেল হয়। ফলত বাহন খন পিছলৈ গৈ পাহাৰৰ তললৈ বাগৰি পৰে।

সেই সময়ত বাহনত থকা যাত্ৰী সকলে প্ৰাণ বচাবলৈ গাড়ীৰ পৰা জপিৱাই পথত পৰে। ঠিক তেতিয়াই বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰ বাহনে এজন যাত্ৰীৰ ওপৰত উঠি যায়। এই দুৰ্ঘটনাত মধুৰবন্ধ গাঁৱৰ জামৰুল হকৰ ঘটনাস্থলিতেই মৃত্যু হয়। আনহাতে ফকৰুল ইসলাম, কমৰুল হক, আব্দুল হক সহ বাহনৰ চালক সহ আন দুজন গুৰুতৰভাৱে আহত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande