
লক্ষিমপুৰ ১৪ জানুৱাৰী (হি.স.): আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। বিহুৰ আগদিনা যোৱা কালি নিশা হেঁপাহৰ ভোগালীৰ উৰুকা পালন কৰা হয়। লগে ভাগে এসাঁজ খাবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলে।
একেদৰে বাৰ বৈষ্ণৱৰ নাৰায়নপুৰৰ লেতেকুপুখুৰীৰ সমীপৰ বৰবালি ভকত গাওঁ খনতো ভোগালী উৰুকাৰ ভোজ-ভাতৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছিল। হাঁহ, মাছ, বৰাচাউল, মাটিমাহ আদিৰে শতাধিক ডেকা গাভৰু পুৰুষ মহিলা বৃদ্ধাৰ পৰা কন কন শিশুলৈ লগভাগে এসাজ তৃপ্তিৰে খায় ৷ জুইৰ আমেজ লৈ বৰবালি ভকত গাঁৱত লগে ভাগে এসাঁজ খালে লোকসকলে ৷ ইফালে কন কন শিশুৰ ১৫ দিনৰ পৰিশ্ৰমত প্ৰাণ পাই উঠিছিল ভেলাঘৰ ৷ আজি পুৱাই সকলোৱে মেজিত জুই দি অগ্নি দেৱতাৰ সেৱা লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ