
নলবাৰী, ১৪ জানুৱাৰী (হি.স.): উৰুকাৰ নিশা নলবাৰীৰ এখন গাঁৱত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য । নলবাৰীৰ সন্ধা গাঁৱত লগে ভাগে এসাজ খোৱাৰ বাবে সমবেত হয় গাঁওবাসী । আধূনিকতাক প্ৰশ্ৰয় নিদি পৰম্পৰাগত নিয়ম মতে লগে ভাগে উৰুকাত এসাজ ভাত খালে গাঁওবাসীয়ে।
সন্ধা গাঁৱৰ গাঁওবাসীয়ে পথাৰত ভেলাঘৰ সাজি উৰুকাৰ নিশা লগে ভাগে এসাজ খালে। একেদৰে আধুনিকতাৰ পৰিবৰ্তে পুৰণি পদ্ধতিৰে ভেলাঘৰ সাজি উলিয়াইছিল আৰু মেজিৰ কাষত বহি শিশু আৰু বৃদ্ধ সকলোৱে একেলগ হৈ নাগাৰা নাম গায় । এইদৰে উৰুকাৰ দিনা গাঁওখন দেখিবলৈ পোৱা যায় অতি সুন্দৰ দৃশ্য। পূৱ নলবাৰীৰ ঐতিহাসিক সন্ধা গাৱৰ মালি চুবুৰীত গাওঁবাসীয়ে অতীজৰে পৰা অব্যাহত থকা প্ৰথা ম'তে উৰুকাত লগে-ভাগে এসাজ খায় । লগতে পৰম্পৰাগত মতে ভেলা ঘৰত গাওঁ বাসীয়ে নাম কীৰ্তণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ