টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দূৰ্ঘটনাত ২ জন নিহত,আহত ৩
যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত ২ জন যুৱক নিহত হোৱাৰ লগতে আন ৩ জন আহত হয়। জানিব পৰামতে, পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চফাই কৰি থকা অৱস্থাত এখন
টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দূৰ্ঘটনাত ২ জন নিহত,আহত ৩


যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত আজি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই

দূৰ্ঘটনাত ২ জন যুৱক নিহত হোৱাৰ লগতে আন ৩ জন আহত হয়।

জানিব পৰামতে, পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চফাই কৰি থকা অৱস্থাত এখন স্ক'পিঅই মহতিয়াই নিয়ে আটাইকেইজন লোকক। আহত সকলক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজন যুৱকৰ মৃত্যু হয়।

নিহত যুৱক দুজনৰ নাম ক্ৰমে অভিজিত ফুকন আৰু অমৃত গগৈ বুলি জানিব পৰা গৈছে। আনহাতে আহত যুৱক তিনিজন হৈছে ক্ৰমে প্ৰাণজিত গগৈ, মানস গগৈ আৰু পোণাকণ। দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ এএছ ০৩ এএন ৯১৪১ বুলি জনা গৈছে । এই ঘটনা সংঘটিত কৰিয়েই গাড়ী খনৰ চালক জনে পলায়ণ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande