মণিপুৰত গ্ৰেপ্তাৰ ৩ কে ৱাই কে এল (সোৰেপা) কেডাৰ
ইম্ফল, ১৪ জানুৱাৰী (হি.স.)। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে ইম্ফল পশ্চিম জিলাৰ বিভিন্ন অঞ্চলৰ পৰা নিষিদ্ধ কে ৱাই কে এল (সোৰেপা) সংগঠনৰ তিনি কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত কেইজন হৈছে কেথেলকাপাম তেলহেইবা মাংগাং ওৰফে থোইবা ওৰফে লমিয়ানবা (২৩), কনথৌজাম গু
मणिपुर में गिरफ्तार केवाईकेएल (सोरेपा) के तीन कैडर की तस्वीर।


ইম্ফল, ১৪ জানুৱাৰী (হি.স.)। মণিপুৰ আৰক্ষীয়ে মঙলবাৰে ইম্ফল পশ্চিম জিলাৰ বিভিন্ন অঞ্চলৰ পৰা নিষিদ্ধ কে ৱাই কে এল (সোৰেপা) সংগঠনৰ তিনি কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্ত কেইজন হৈছে কেথেলকাপাম তেলহেইবা মাংগাং ওৰফে থোইবা ওৰফে লমিয়ানবা (২৩), কনথৌজাম গুড্ডি মেইটেই ওৰফে ফিৰেপা (২৩) আৰু লাইশ্ৰম ইচান দেৱী ওৰফে সংগীতা (৩০)।

আজি আৰক্ষীয়ে জনোৱা মতে, কংগবাম লেইকাইৰ পৰা কেথেলকাপাম তেলহেইবা মাংগাং, কোৱাকেথেল থোকচোম লেইকাইৰ পৰা কণ্টৌজাম গুড্ডি মেইটেই, আৰু কোৱাকেথেল বজাৰৰ পৰা লাইশ্ৰম ইচান দেৱীক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকেইজন অভিযুক্তই সংগঠনটোৰ কাম-কাজত সক্ৰিয়ভাৱে জড়িত আছিল।

ধৃত কেডাৰ কেইজনৰ পৰা তিনিটা মোবাইল ফোন, চাৰিটা চিম কাৰ্ড, নগদ ৬ হাজাৰ ₹, আৰু এখন ইয়ামাহা মটৰ চাইকেল উদ্ধাৰ কৰা হৈছে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তসকলে নতুন কেডাৰ নিযুক্তি, ধন দাবী, আৰু উপত্যকা জিলাসমূহত তেওঁলোকৰ সংগঠনটোক লজিষ্টিক সহায় আগবঢ়োৱাৰ কামত জড়িত আছিল। আৰক্ষীয়ে বিষয়টোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande