ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ তামিল সম্প্ৰদায়লৈ পোংগল শুভেচ্ছা প্ৰদান
ছিংগাপুৰ, ১৪ জানুৱাৰী (হি.স.)। পোংগাল উপলক্ষে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে তামিল সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ কয় যে, “আমাৰ তামিল সম্প্ৰদায়ে উদযাপন কৰা পোংগল উৎসৱটো পৰিয়ালৰ সৈতে একত্ৰিত হোৱাৰ, কৃতজ্ঞতা প্ৰক
सिंगापुर के प्रधानमंत्री ने सोशल मीडिया पर एक पोस्ट में कहा,


ছিংগাপুৰ, ১৪ জানুৱাৰী (হি.স.)। পোংগাল উপলক্ষে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে তামিল সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰে। ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত তেওঁ কয় যে, “আমাৰ তামিল সম্প্ৰদায়ে উদযাপন কৰা পোংগল উৎসৱটো পৰিয়ালৰ সৈতে একত্ৰিত হোৱাৰ, কৃতজ্ঞতা প্ৰকাশ কৰাৰ, আমাৰ পৰম্পৰাগত শিপাক সন্মান জনোৱাৰ, আৰু আগন্তুক আশাবাদী বছৰটোক আদৰণি জনোৱাৰ এক সুযোগ্য সময়।”

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে কয়, এই উপলক্ষে সকলোকে পোংগলৰ শুভেচ্ছা জনাইছো। পোংগলৰ আনন্দ অনুভৱ কৰিবলৈ লিটিল ইণ্ডিয়া বা ইণ্ডিয়ান হেৰিটেজ চেণ্টাৰত কিছু সময় নিশ্চয়কৈ কটাব।

উল্লেখযোগ্য যে কাইলৈ ভাৰতৰ তামিলনাডুত থাই থিৰুনাল হিচাপে পংগল উদযাপন কৰা হ’ব। এই উপলক্ষে পৰম্পৰাগত পদ্ধতিৰে নতুন মাটিৰ পাত্ৰত পোংগল প্ৰস্তুত কৰি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। তামিলনাডুত পোংগালক চাৰিদিনত (ভোগী, থাই পোংগল, মট্টু পোংগল, আৰু কানুম পোংগল) অতি আড়ম্বৰ আৰু শোভাৰে উদযাপন কৰা হয়। এই ক্ৰমত আজি ভোগালী বিহু উৎসৱ পালন কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande