দক্ষিণ শালমাৰাৰ নেচাই মহিলা বজাৰত চোৰ আটক কৰা ঘটনাক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি
দক্ষিণ শালমাৰাৰ নেচাই মহিলা বজাৰত এগৰাকী চোৰক আটক কৰা ঘটনাক কেন্দ্ৰকৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
দক্ষিণ শালমাৰাৰ নেচাই মহিলা বজাৰত চোৰ আটক কৰা ঘটনাক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি


দক্ষিণ শালমাৰা মানকাচৰ, ১৪ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰাৰ নেচাই মহিলা বজাৰত এগৰাকী চোৰক আটক কৰা ঘটনাক কেন্দ্ৰকৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । অৱশেষত ফকিৰগঞ্জ থানাৰ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়।

উল্লেখ্য যে যোৱা কালি মঙলবাৰে বিয়লি ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নেচাই মহিলা বজাৰত স্থানীয় ৰাইজে এটা চোৰ আটক কৰি উত্তম মাধ্যম সোধাই জে জি এম আঁচনিৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে যদিও চোৰটোক আক্ৰমণৰ কাৰণে ৰাইজে উত্তপ্ত হৈ পৰে। পৰিস্থিতি ভয়ানক হোৱা হেতুকে ফকিৰগঞ্জ থানাৰ আৰক্ষীক অবগত কৰাৰ লগে লগে আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীয়ে চোৰটোক ঘৰখনৰ পৰা উদ্ধাৰ কৰি থানালৈ লৈ যোৱাৰ সময়ত আৰক্ষীৰ সন্মুখতে ৰাইজ উত্তেজিত হৈ চোৰটোৰ আক্ৰমণ চলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে পৰিস্থিতিত নিয়ন্ত্ৰণলৈ আনি চোৰটোক থানালৈ লৈ যায়। ধৃতচোৰটো আমবাৰী গাঁৱৰ গোলাপ চানৰ পুত্ৰ আমিনুল ইছলাম (১৮) বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande