
শিৱসাগৰ, ১৪ জানুৱাৰী (হি.স.)। ভোগালী বিহুৰ উৰুকাৰ নিশা নাজিৰাৰ চানবছা মাউৎ গাওঁত চোৰৰ চাফাই অভিযান। মাউৎ গাঁৱৰ জিতেন বৰগোঁহাই বাসগৃহত কোনো নথকাৰ সুবিধা লৈ চলালে চোৰে এই অভিযান।
সন্মুখৰ দৰ্জাৰ ল'ক ভাঙি ঘৰৰ ভিতৰত প্ৰবেশ কৰি লণ্ড-ভণ্ড কৰে চোৰে। স্থানীয় গাওঁৰক্ষী বাহিনী থকাৰ পিছতো কিয় এনেধৰণৰ ঘটনা সংঘটিত হৈছে এক ডাঙৰ প্ৰশ্ন? নাজিৰা আৰক্ষীয়ে সঠিক তদন্ত কৰি চোৰ ধৰিবলৈ সক্ষম হব নে? গৃহস্থ অনুপস্থিতিত চোৰে লুটিলৈ গ'ল লক্ষ্যাধিক টকাৰ সামগ্ৰী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ