শিৱসাগৰ লালীম গাঁৱৰ ৰাইজৰ সৈতে মেজি প্ৰজ্বলন বিধায়ক অখিল গগৈৰ
Assam, 14 জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। উৰুকাৰ নিশাৰ উদৰ পুৰাই ভোজ ভাত খোৱাৰ পাছত আজি পুৱাই পুৰুষ-মহিলা, কিশোৰ-ডেকা, বৃদ্ধ-বৃদ
শিৱসাগৰ লালীম গাঁৱৰ ৰাইজৰ সৈতে মেজি প্ৰজ্বলন বিধায়ক অখিল গগৈৰ


Assam, 14 জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। উৰুকাৰ নিশাৰ উদৰ পুৰাই ভোজ ভাত খোৱাৰ পাছত আজি পুৱাই পুৰুষ-মহিলা, কিশোৰ-ডেকা, বৃদ্ধ-বৃদ্ধা সকলোৱে আধ্যাত্মিকতা ৰক্ষা কৰি মেজিত অগ্নি সংযোগ কৰি অগ্নিক সেৱা কৰে । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে লগতে শিৱসাগৰৰ লালীম গাঁৱৰ ৰাইজেও আজি পুৱা একেলগে মেজি প্ৰজ্বলন কৰে।

লালীম গাঁৱৰ ৰাইজৰ সহযোগত স্থানীয় ৰাইজে ৰাইজৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত ৰাইজৰ সৈতে মেজি প্ৰজ্বলন কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক গৰাকীয়ে মেজি প্ৰজ্বলন কৰি সেৱা কৰাৰ লগতে ৰাইজৰ আশীৰ্বাদ লয় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande