ৰহাৰ দিঘলদৰি মিলনপুৰত পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন
নগাঁও, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। সমগ্ৰ ৰাজ্যজুৰি ভেলাঘৰত বাকৰিত পৰম্পৰা ৰক্ষা কৰি অগ্নিদেৱতাৰ আশীষ লোৱাৰ উদ্দেশ্যে প্ৰজ্বল
ৰহাৰ দিঘলদৰি মিলনপুৰত পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন


নগাঁও, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। সমগ্ৰ ৰাজ্যজুৰি ভেলাঘৰত বাকৰিত পৰম্পৰা ৰক্ষা কৰি অগ্নিদেৱতাৰ আশীষ লোৱাৰ উদ্দেশ্যে প্ৰজ্বলন কৰা হৈছে মেজি। সমান্তৰালভাৱে ৰহাৰ দিঘলদৰি মিলনপুৰতো পৰম্পৰা ৰক্ষা কৰি প্ৰজ্বলন কৰিছে মেজি।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখ মণ্ডলৰ আৰ্হিত নিৰ্মাণ কৰা প্ৰৰ্দশনী মূলক ভেলাঘৰৰ কাষতে নিৰ্মাণ কৰা মেজিত স্থানীয় ৰাইজে প্ৰজ্বলন কৰে অগনি দেৱতাৰ আশীষ গ্ৰহণ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande