মুকালমুৱাৰ টেঘেৰীয়াট্টাৰী'ত ভয়াৱহ পথ দুৰ্ঘটনা
মুকালমুৱাৰ টেঘেৰীয়াট্টাৰী'ত ভয়াৱহ পথ দুৰ্ঘটনা।
মুকালমুৱাৰ টেঘেৰীয়াট্টাৰী'ত ভয়াৱহ পথ দুৰ্ঘটনা


নলবাৰী, ১৪ জানুৱাৰী (হি.স.): উৰুকাৰ আনন্দৰ মাজতে যোৱা কালি মঙলবাৰে বিয়লি মুকালমুৱাৰ টেঘেৰীয়াট্টাৰী'ত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । গুৰুতৰভাৱে দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উৰুকাৰ আনন্দৰ মাজতে মুকালমুৱাৰ টেঘেৰীয়াট্টাৰীত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় মুকালমুৱা-নলবাৰী সংযোগী পথৰ টেঘেৰীয়াট্টাৰীত ।

জানিব পৰামতে, এখন চাৰিচকীয়া বাহন আৰু এখন দুচকীয়া বাহনৰ মাজত সংঘটিত পথ দুৰ্ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত লোককেইজনক ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰায়। যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে জি এম চি এইডলৈ প্ৰেৰণ কৰে। চাৰিচকীয়া বাহন খনৰ মহিলা যাত্ৰী পিঞ্জিৰা (৫৫) আৰু বাইক আৰোহী জনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই। দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ এএছ ১৪ আৰ ২৬৭৯ আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ এএছ ০১ ডিএফ ৯২৫৪ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande