বুলবুলী যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা
বুলবুলী যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা।
বুলবুলী যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা


কামৰূপ, ১৪ জানুৱাৰী (হি.স.): এইবাৰো তীৰ্থ নগৰী হাজোত অনুষ্ঠিত নহয় বুলবুলী চৰাই যুজঁ । আকৌ এবাৰ বুলবুলী যুঁজৰ ক্ষেত্ৰত ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতে কঠোৰ হৈছে কামৰূপ জিলা প্ৰশাসন । পত্ৰ যোগে এইবাৰো খেল অনুষ্ঠিত নহয় বুলি মন্দিৰ পৰিচালনা সমিতিক জনালে জিলা উপযুক্ত কাৰ্য্যলয়ে । মকৰ সংক্ৰান্তি দিনা অতীজৰে পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰত হৈছিল পৰম্পৰাগত যুজঁ।ন্যায়ালয়ৰ নিৰ্দেশনা মানি খেল বাতিল কৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে । এইবাৰো খেল অনুষ্ঠিত কৰিব নোৱাৰি দুখ প্ৰকাশ মন্দিৰ পৰিচালনা সমিতিয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande