পৰ্বতঝোৰাৰ মণিপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
কোকৰাঝাৰ, ১৪ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মণিপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল চাৰিচকীয়া বাহন চালকৰ। দুৰ্ঘটনাত আহত হোৱা চালক জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা
পৰ্বতঝোৰাৰ মণিপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


কোকৰাঝাৰ, ১৪ জানুৱাৰী (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ মণিপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিল চাৰিচকীয়া বাহন চালকৰ।

দুৰ্ঘটনাত আহত হোৱা চালক জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

উল্লেখ্য় যে মাৰুতি চেলিৰিও আৰু মালবাহী বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় । মালবাহী চাৰিচকীয়া খনৰ নম্বৰ এএছ ২৫ চিচি ১০৬৮ হোৱাৰ বিপৰীতে মাৰুতি চেলিৰিও খনৰ নম্বৰ এএছ ১৭ এইচ ৪৭১৪ বুলি জনা গৈছে। ঘন কুৱঁলীৰ কাৰণেই দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে । ইতিমধ্য বগৰিবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande