
কোকৰাঝাৰ, ১৪ জানুৱাৰী (হি.স.)। ৰাজ্য়ত অব্য়াহত আছে পশুধন চুৰিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ইয়াৰ মাজতে যোৱাকালি মঙলবাৰে নিশা পৰ্বতঝোৰাত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । টিপকাই আৰক্ষীয়ে চলোৱা এই অভিযানত আটক কৰা হয় এটা কুখ্যাত গৰু চোৰ।
পাহাৰতলীত অভিযান চলাই আটক কৰে মনোৱাৰ আলী নামৰ গৰু চোৰটোক। গৰু চোৰটো ঘৰ গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ডত বুলি জনা গৈছে। লোকজন দীৰ্ঘ দিনৰ পৰাই গৰু চুৰি চোৰ চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ উঠি আহিছে । আৰক্ষীয়ে অধিক তথ্য বাবে চোৰটোক মাৰাথন জেৰা অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা