দেৱব্ৰত শইকীয়া এজন পত্ৰ লিখা বিধায়ক, পত্ৰ লিখে আৰু দলত বিভাজন সৃষ্টি কৰে–ৰেজাউল কৰিম সৰকাৰৰ
কংগ্ৰেছ দলৰ পৰা সদ্য পদত্যাগী ৰেজাউল কৰিম সৰকাৰৰ সংবাদ মেল।
দেৱব্ৰত শইকীয়া এজন পত্ৰ লিখা বিধায়ক, পত্ৰ লিখে আৰু দলত বিভাজন সৃষ্টি কৰে–ৰেজাউল কৰিম সৰকাৰৰ


দৰং, ১৪ জানুৱাৰী (হি.স.)। কংগ্ৰেছ দলৰ পৰা আজি সদ্য পদত্যাগী ৰেজাউল কৰিম সৰকাৰৰ সংবাদ মেল।সংবাদমেলত পদত্যাগৰ কাৰণ দৰ্শালে ৰেজাউল কৰিম সৰকাৰে।আত্মসন্মানক আঘাট কৰা আৰু নিজে কৰি অহা সংগঠনটোক তুচ্ছ তাচ্ছিল্য কৰাৰ বাবে পদত্যাগৰ সিদ্ধান্ত লৈছো,,কংগ্ৰেছত ৰেজাউল নিজে যোৱা নাছিল। তেওঁক আমন্ত্ৰণ জনাই লৈ যোৱা হৈছিল।দেৱব্ৰত শইকীয়া এজন পত্ৰ লিখা বিধায়ক। পত্ৰ লিখে আৰু দলত বিভাজন সৃষ্টি কৰে।

দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দৰে বক্তব্য ৰাখে।দুয়োৰে মুখৰ কথা একে।মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সচাই কংগ্ৰেছ দলত এজেন্ট আছে।সেয়ে মাফ খোজাৰ পিছতো সমালোচনা কৰি থাকিল।ৰেজাউল কৰিম সৰকাৰ যদি বিজেপিৰ এজেন্ট তেনেহলে যোগদান কৰিবলৈ দেৱব্ৰত শইকীয়াই কিয় বাধা দিয়া নাছিল বুলিও ওলোটাই প্ৰশ্ন কৰে।ৰেজাউল কৰিম সৰকাৰৰ মন্তব্য মই মেৰুদণ্ড পোন কৰি ৰখা জাতিৰ পৰা মই আহিছোঁ। মোৰ আত্মসন্মানত আঘাত সানিলে মই কৰি অহা সংগঠনক কোনোবাই আঘাট হানিলে কেতিয়াও মানি নলও।নজিৰা সমষ্টিৰ বাবে কৰা ৫ টা অৱদান দেৱব্ৰত শইকীয়াক দেখুৱাই দিবলৈ প্ৰত্যাহ্বান ৰেজাউল কৰিমৰ।সংবাদমেলত দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে ৰেজাউল কৰিম সৰকাৰে।অৱশ্যে কংগ্ৰেছ দলৰ প্ৰতি ক্ষোভ নাই বুলিও কয় তেওঁ।লগতে নিজকে ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱা বুলিও কয় ৰেজাউল কৰিম সৰকাৰে।অনাগত দিনত ৰাজনৈতিক জীৱন কি হব এতিয়াও ভৱা নাই যদিও ৰেজাউল কৰিম সৰকাৰৰ ভৱিষ্যত পৰিকল্পনা আমছুই কৰিব বুলি কলে সংবাদমেলত।কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পিছত এতিয়ালৈ পুনৰ কোনোধৰণৰ যোগাযোগ কৰা নাই সভাপতি গৌৰৱ গগৈয়ে।হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট মানসিকতাৰ মানুহ যিয়ে পিতৃ মাতৃক ধৰি কথা কয়।হিমন্ত বিশ্বৰ একমাত্ৰ লক্ষ্য তেওঁক গাদী লাগে ক্ষমতা লাগে বুলিও মন্তব্য আগবঢ়ায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande