প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ উদ্বোধন কৰিব কমনৱেলথ দেশসমূহৰ লোকসভাৰ অধ্যক্ষ সন্মিলন
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কমনৱেলথ দেশসমূহৰ পৰা লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন কৰিব। সংসদ ভৱন পৰিসৰত সংবিধান ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। প্ৰধান
प्रधानमंत्री नरेन्द्र मोदी


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কমনৱেলথ দেশসমূহৰ পৰা লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন কৰিব। সংসদ ভৱন পৰিসৰত সংবিধান ভৱনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। প্ৰধানমন্ত্ৰীয়ে সভাত ভাষণো দিব।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই সন্মিলনৰ সভাপতিত্ব কৰিব। কমনৱেলথৰ ৪২খন দেশ আৰু চাৰিখন অৰ্ধস্বায়ত্তশাসিত সংসদৰ মুঠ ৬১গৰাকী অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াই অংশগ্ৰহণ কৰিব।

এই সন্মিলনত শক্তিশালী গণতান্ত্ৰিক প্ৰতিষ্ঠান গঢ়ি তোলাত অধ্যক্ষ আৰু সভাপতি বিষয়াৰ ভূমিকা, সংসদীয় কাৰ্য্যকলাপত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ, সাংসদসকলৰ ওপৰত ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ, সংসদৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ বাবে উদ্ভাৱন, ভোটদানৰ বাহিৰেও নাগৰিক অংশগ্ৰহণক উৎসাহিত কৰাৰ কৌশল আদিৰ ওপৰত বিস্তৃত আলোচনা অনুষ্ঠিত হ’ব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande