উত্তৰ মালিৰ নাইজাৰ নদীত নাও ডুব যোৱাৰ ফলত ৩৮ জন লোকৰ মৃত্যু
বামাকো (মালি), ১৪ জানুৱাৰী (হি.স.)। উত্তৰ মালিৰ টিমবুক্টুৰ নাইজাৰ নদীত এখন ফেৰী নাও শিলত খুন্দা মাৰি ডুব যোৱাৰ ফলত কেইবা ডজন লোকৰ মৃত্যু হয়। স্থানীয় বিষয়া আৰু মৃতকৰ আত্মীয়ই মঙলবাৰে এই কথা ঘোষণা কৰে। বৃহস্পতিবাৰে ডিৰে চহৰত সংঘটিত হয় এই দুৰ্ঘটনা
सांकेतिक


বামাকো (মালি), ১৪ জানুৱাৰী (হি.স.)। উত্তৰ মালিৰ টিমবুক্টুৰ নাইজাৰ নদীত এখন ফেৰী নাও শিলত খুন্দা মাৰি ডুব যোৱাৰ ফলত কেইবা ডজন লোকৰ মৃত্যু হয়। স্থানীয় বিষয়া আৰু মৃতকৰ আত্মীয়ই মঙলবাৰে এই কথা ঘোষণা কৰে। বৃহস্পতিবাৰে ডিৰে চহৰত সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় কৰ্তৃপক্ষই এতিয়াও আনুষ্ঠানিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশ কৰা নাই যদিও অঞ্চলটোৰ বাসিন্দা তথা ৰাষ্ট্ৰীয় বিধানসভাৰ প্ৰাক্তন ডেপুটি আলকাইডি ট’ৰে কয় যে ৩৮ জন লোকৰ মৃত্যু হৈছে আৰু ২৩ জন লোকক উদ্ধাৰ কৰা হৈছে।

আমেৰিকাৰ এবিচি নিউজ চেনেলৰ এক প্ৰতিবেদন অনুসৰি ডাইৰেৰ বাসিন্দা মৌছা এগ আলমোবাৰক ট্ৰাওৰে কয় যে এই দুৰ্ঘটনাত তেওঁৰ পৰিয়ালৰ ২১ জন সদস্য হেৰুৱাইছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, নাওখনত কৃষকক কঢ়িয়াই আনিছিল। নিশা সংঘটিত হয় এই দুৰ্ঘটনা। আল কায়দাৰ উগ্ৰপন্থীৰ আক্ৰমণ ৰোধৰ বাবে নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ বাবে অঞ্চলটোত নাইট ডকিং নিষিদ্ধ কৰা হৈছে। ট্ৰাওৰে কয় যে নাওখনৰ চালকে ৰাতিপুৱালৈকে ৰৈ থাকিব নিবিচাৰি পাৰলৈ যাবলৈ চেষ্টা কৰে, য’ত নাওখনে শিলত খুন্দা মাৰি ডুব যায়।

চুবুৰীয়া ৰাষ্ট্ৰ বুৰ্কিনা ফাচো আৰু নাইজাৰৰ লগতে মালিয়ে দশক দশক ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি আহিছে। আল কায়দা সমৰ্থিত জামাত নুছৰত আল ইছলাম ৱাল মুছলিমিন (জেকিউএ) গোটৰ উগ্ৰপন্থী মালিৰ টিম্বুকটু অঞ্চলত সক্ৰিয় হৈ আছে। নাইজাৰ নদীত ফেৰী নাওৰ সৈতে জড়িত দুৰ্ঘটনা সাধাৰণতে দেখা যায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande