নলবাৰীৰ অ‌ বি বি শিক্ষকৰ‌ অনশন‌ কাৰ্যসূচী ভংগ
নলবাৰী, ১৪ জানুৱাৰী (হি.স.)। ভোগালী বিহুৰ উৰুকাৰ দিনাই পৰিয়ালৰ পৰা দুৰত থাকি নলবাৰীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা নলবাৰীৰ অ‌ বি বি শিক্ষকৰ‌ অনশন‌ কাৰ্যসূচী ভংগ।আজি পুৱা ৯ বজাত ভংগ কৰা হয় এই অনশন কাৰ্যসূচী। ২০০১ চনত‌ বৈধ প্ৰক্ৰিয়াৰে নি
নলবাৰীৰ অ‌ বি বি শিক্ষকৰ‌ অনশন‌ কাৰ্যসূচী ভংগ


নলবাৰী, ১৪ জানুৱাৰী (হি.স.)। ভোগালী বিহুৰ উৰুকাৰ দিনাই পৰিয়ালৰ পৰা দুৰত থাকি নলবাৰীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা নলবাৰীৰ অ‌ বি বি শিক্ষকৰ‌ অনশন‌ কাৰ্যসূচী ভংগ।আজি পুৱা ৯ বজাত ভংগ কৰা হয় এই অনশন কাৰ্যসূচী।

২০০১ চনত‌ বৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ৪২০ গৰাকী শিক্ষকৰ চাকৰি পৰৱৰ্তী কালত ৰঙা ফিটাৰ‌ মেৰপেছত ওলমি ৰয়। পৰৱৰ্তী সময়ত চৰকাৰৰ লগত বহু আলোচনা কৰাৰ পিছতো‌ আজি লৈ‌ নিয়মীয়া কৰা‌ ন'হল‌ নলবাৰী জিলাৰ ৪২০ গৰাকী শিক্ষাগুৰুৰ চাকৰি। উচ্চ ন্যায়ালয়ৰ পৰা এই শিক্ষক সকলৰ‌ চাকৰি নিয়মীয়া কৰাৰ বাবে ৰায়দান কৰিছে যদিও বিষয়টোত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ‌ বাবে উৰুকাৰ দিনাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰে এই সকল‌ শিক্ষকে। আজি‌ পুৱা অনশন স্থলিত‌ উপস্থিত হৈ অগপ নেতা দিলীপ কুমাৰ দাস,আছু নেতা ভৱজিত বেজবৰুৱা,যুৱ ছাত্ৰ পৰিষদৰ ৰাজ কুমাৰ দাসে অনশনকাৰীক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে। অগপ নেতা‌ দিলীপ কুমাৰ দাসে অনশনকাৰীক ফলৰ ৰস খুৱাই অনশন কাৰ্যসূচী ভংগ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande