কামপুৰৰ মাধৱ কন্দলি সমন্বয় ক্ষেত্ৰত মেজি প্ৰজ্বলন
নগাঁও, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। পুৱাই মেজি প্ৰজ্বলন কৰি অগ্নিদেৱতাৰ আশীৰ্বাদ লয় ভক্তসকলে। অগ্নিং প্রজ্বলিতং বন্দে চা
কামপুৰৰ মাধৱ কন্দলি সমন্বয় ক্ষেত্ৰত মেজি প্ৰজ্বলন


নগাঁও, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। পুৱাই মেজি প্ৰজ্বলন কৰি অগ্নিদেৱতাৰ আশীৰ্বাদ লয় ভক্তসকলে।

অগ্নিং প্রজ্বলিতং বন্দে চাতুৰণ্যং হুতশনম্ I

সুবর্ণবর্ণমমলং জ্যোতিৰুপায়ে তে নম:।।

অগ্নিক যিহেতু সকলো দেৱতাৰে প্ৰতিনিধি বুলি গণ্য কৰা হয়, সেয়ে অতি প্ৰাচীন কালৰে পৰা সুবর্ণময় পবিত্র অগ্নিক ভক্তি সহকাৰে পূজা অর্চনা কৰি অহা হৈছে । সমগ্ৰ অসমৰ সমান্তৰালকৈ কামপুৰৰ মাধৱ কন্দলি সমন্বয় ক্ষেত্ৰতো

মেজী প্ৰজ্বলন কৰা হৈছে। বুঢ়া পতিয়া গাঁৱৰ সহযোগত মেজি প্ৰজ্বলন কৰে কলিয়াবৰ জিলা বিজেপি সভাপতি বাবুল বৰাই ।

উল্লেখ্য যে অসমীয়া সমাজত এটা প্রচলিত প্রথা আছে যে মেজিৰ জুইৰ ছাই খেতিপথাৰত বা গছ-গছনিত ছটিয়াই দিলে পোক-পৰুৱা নাশ হয় আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি পায় । উল্লেখ্য যে পূৰ্বৰ দৰে এইবছৰো পাচঁ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মাধৱ কন্দলী সমন্বয় ক্ষেত্ৰত ভোগালী মেলা অনুষ্ঠান ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande