৫০০ শ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ
মাজুলী, ১৪ জানুৱাৰী (হি.স.)। সুদীৰ্ঘ ৫০০ শ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ পালন কৰা হৈছে। আজি ভোগৰ উৎসৱ ভোগালী । অসমীয়াৰ বাপতি সাহোন বিহুতি সমগ্ৰ অসমৰ লগতে সত্ৰপীঠ মাজুলীতো অতি আধ্যাত্মিক ৰী
৫০০ শ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ


মাজুলী, ১৪ জানুৱাৰী (হি.স.)। সুদীৰ্ঘ ৫০০ শ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ পালন কৰা হৈছে। আজি ভোগৰ উৎসৱ ভোগালী । অসমীয়াৰ বাপতি সাহোন বিহুতি সমগ্ৰ অসমৰ লগতে সত্ৰপীঠ মাজুলীতো অতি আধ্যাত্মিক ৰীতি নীতি পৰম্পৰাগত ভাৱে পালন কৰে । ৫ শ বছৰীয়া ঐতিহ্যৰে মহীয়ান শংকৰ মাধৱ গুৰু দুজনাৰ পদৰেনুৰে ৰঞ্জিত মাজুলীৰ ৩৫ খন সমূহৰ লগতে গ্ৰামাঞ্চলত স্বকীয় পৰম্পৰা লোকৰীতি আধ্যাত্মিক তাৰে ভোগালী বিহু পালন কৰে ।

সত্ৰানুষ্ঠানত পূৱা সত্ৰাধিকাৰ সহিতে সমূহ বৈষ্ণৱ সকলে স্নান কৰি মেজীত অগ্নিস্পৰ্ষ কৰে। বৰগায়নৰ হৰিধ্বনি দিয়ে । সমাজৰ আসূয়া অপ্ৰীতি বিনাশৰ বাবে সকলোৱে সেৱা প্ৰাৰ্থনা আগবঢ়ায় । ঐতিহাসিক উত্তৰ কমলাবাৰী সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰে পূৱা স্বকীয় ৰীতি নীতি পৰম্পৰাৰে মেজীত জুই স্পৰ্শ কৰি হৰিধ্বনিৰে সমাজৰ অসূৱা অপ্ৰীতি নাশৰ প্ৰাৰ্থনা জনায় । মাজুলীৰ ৬ খন কৈ ঐতিহাসিক উদাসীন সত্ৰৰ বৈষ্ণৱ সকলে বণ্যাঢ়্য কাৰ্যসুচীৰে ভোগালী বিহু উদযাপন কৰিছে। পূৱাৰ মেজি জ্বলোৱাৰ পাছত নাম কীৰ্তন গুৰু সেৱা ভকত সেৱা নাম সেৱা অধ্যাপক সকলক সেৱা আদি পৰম্পৰা প্ৰচলিত হৈ আহিছে। আনহাতে মাজুলীৰ আউনীআটী দক্ষিণপাট সত্ৰত দিনযোৰা বিভিন্ন কাৰ্যসূচীৰে ভোগালী পালন কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande