নিটি আয়োগৰ চতুৰ্থ ৰপ্তানি প্ৰস্তুতি সূচকাংকত শীৰ্ষস্থানত মহাৰাষ্ট্ৰ
নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। নিটি আয়োগে প্ৰকাশ কৰিলে ৰপ্তানি প্ৰস্তুতি সূচকাংক (ইপিআই) ২০২৪।আয়োগৰ চতুৰ্থ ৰপ্তানি প্ৰস্তুতি সূচকাংকত মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰাৰ পিছতে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে তামিলনাডু আৰু গুজৰাট। ২০৩০ চনৰ ভিত
आयोग के जारी लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। নিটি আয়োগে প্ৰকাশ কৰিলে ৰপ্তানি প্ৰস্তুতি সূচকাংক (ইপিআই) ২০২৪।আয়োগৰ চতুৰ্থ ৰপ্তানি প্ৰস্তুতি সূচকাংকত মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰাৰ পিছতে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে তামিলনাডু আৰু গুজৰাট। ২০৩০ চনৰ ভিতৰত ১ ট্ৰিলিয়ন ডলাৰৰ ব্যৱসায়িক সামগ্ৰী ৰপ্তানি লাভৰ লক্ষ্য আৰু উন্নত ভাৰত @ ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই সূচকাংকটো ডিজাইন কৰা হৈছে।

বুধবাৰে চৰকাৰী গৱেষণা প্ৰতিষ্ঠান নিটি আয়গে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি মহাৰাষ্ট্ৰৰ পিছতে আছে তামিলনাডু, গুজৰাট, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু পঞ্জাব। সৰু ৰাজ্যৰ শাখাত উত্তৰাখণ্ডে শীৰ্ষস্থান দখল কৰাৰ পিছতে জম্মু-কাশ্মীৰ, নাগালেণ্ড, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ, গোৱা আৰু ত্ৰিপুৰা। এই সূচকাংকই ভাৰতীয় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰপ্তানিৰ প্ৰস্তুতি আৰু সম্ভাৱনাৰ এক বিস্তৃত মূল্যায়ন প্ৰদান কৰে।

প্ৰতিবেদন প্ৰকাশ কৰি নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) বি.ভি.আৰ. সুব্ৰহ্মণ্যমে উল্লেখ কৰে যে ভাৰতে মুক্ত বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ চুক্তিসমূহ সম্প্ৰসাৰণ কৰাৰ লগে লগে শক্তিশালী ঘৰুৱা ভিত্তিৰ গুৰুত্ব বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ৰাজ্যসমূহৰ বাবে ইয়াৰ অৰ্থ হ’ল নতুন সুযোগৰ প্ৰতি দ্ৰুত সঁহাৰি দিব পৰা আৰু বিশ্ব মানদণ্ডৰ সৈতে মিলিব পৰা পৰিৱেশ গঢ়ি তোলা, লগতে জিলাসমূহত প্ৰতিযোগিতামূলক ক্ষমতাও গঢ়ি তোলা। সুব্ৰহ্মণ্যমে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত বহু ৰাজ্যই নিবেদিত নীতি, প্ৰতিষ্ঠান, আন্তঃগাঁথনিৰ জৰিয়তে নিজৰ ৰপ্তানিৰ দৃষ্টিভংগী শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে।

ৰপ্তানি প্ৰস্তুতি সূচকাংকই এক সামঞ্জস্যপূৰ্ণ আৰু তথ্য-চালিত পদ্ধতি ব্যৱহাৰ কৰে, ৰপ্তানি নীতি, ব্যৱসায়িক পৰিৱেশ, আন্তঃগাঁথনিৰ মানদণ্ড, আৰু ৰপ্তানিৰ ফলাফলকে ধৰি একাধিক কাৰকৰ মূল্যায়ন কৰে। ৰপ্তানি প্ৰস্তুতি সূচকাংকই ৰাজ্য আৰু জিলাসমূহৰ ৰপ্তানি পৰিৱেশ তন্ত্ৰৰ শক্তি, বহনক্ষমতা আৰু অন্তৰ্ভুক্তিৰ মূল্যায়নৰ বাবে প্ৰমাণভিত্তিক কাঠামো প্ৰদান কৰে। ইয়াত গাঁথনিগত প্ৰত্যাহ্বান, উন্নয়নৰ সুযোগ, আৰু নীতিগত ব্যৱস্থা চিনাক্ত কৰা হৈছে যিয়ে ৰাজ্য আৰু জিলা পৰ্যায়ত ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব পাৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয় উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হয়, আৰু প্ৰতিটো সূচকৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি মাপ কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande