আজি মাঘ বিহু-মেজিৰ জুইত সেৱা জনাই অপায় অমংগল নাশ আৰু সমাজলৈ সুখ শান্তি অহাৰ প্ৰাৰ্থনা
গুৱাহাটী, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। উৰুকাৰ নিশাৰ উদৰ পুৰাই ভোজ ভাত খোৱাৰ পাছত আজি পুৱাই পুৰুষ-মহিলা, কিশোৰ-ডেকা, বৃদ্ধ-ব
মেজি প্ৰজ্বলন


গুৱাহাটী, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। উৰুকাৰ নিশাৰ উদৰ পুৰাই ভোজ ভাত খোৱাৰ পাছত আজি পুৱাই পুৰুষ-মহিলা, কিশোৰ-ডেকা, বৃদ্ধ-বৃদ্ধা সকলোৱে আধ্যাত্মিকতা ৰক্ষা কৰি মেজিত অগ্নি সংযোগ কৰি অগ্নিক সেৱা কৰে । এই জুইত তামোল-পাণ, মাহজাতীয় শস্য, চাউল, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি প্ৰতিজন অসমীয়াই বিশ্বাস কৰে । সেয়ে সকলোৱে বৰ আদৰেৰে পালন কৰিছে হেঁপাহৰ বিহুটি।

অসমীয়াৰ তিনি বিহুৰ ভিতৰত মাঘ বিহু অন্যতম। আঘোন-পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। এই সময়ত উভৈনদী হৈ পৰে ভোগৰ সামগ্ৰী। এই বিহুত সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু। এই সময়ত মকৰ ৰাশিত অৱস্থান কৰে সূৰ্যই। সূর্য দেৱতাই গতি কৰে উত্তৰমুৱা হৈ। সেয়ে ইয়াক উত্তৰায়ণ সংক্রান্তি বোলা হয়। এই সংক্রান্তিক মাঘী সংক্রান্তি বোলা হয়। পুহ মাহৰ হাড় কাপোৱা জাৰে মেলানি মাগে। উত্তাপৰ আগমন হয় এই মাঘ মাহতে।

মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা। উৰুকাৰ নিশা হেঁপাহ পলুৱাই মাছে মঙহে খোৱাৰ পিছত অসমীয়া ৰাইজে মাঘ বিহুৰ দিনা কাহিলীপুৱাতেই মেজিত অগ্নিসংযাগ কৰে ৷ ইয়াৰ পূৰ্বে আনন্দ-স্ফূর্তিৰে চেঙেলীয়া-ডেকাসকলে পথাৰত থকা শুকান নৰাবোৰ গোটাই সুন্দৰকৈ মেজি বা ঘৰ সাজে। যাক মেজিঘৰ বা ভেলাঘৰ বুলিও কোৱা হয়।

আধুনিকতাৰ গ্ৰাসত কিছু পৰম্পৰা হেৰাই গ’লেও অসমীয়াই এতিয়াও প্ৰতিবছৰে পালন কৰি আহিছে মাঘ বিহু। নগৰতো মানুহে সাধ্য অনুসৰি এই বিহু পালন কৰা দেখা যায়। এই সময়চোৱাত অসমীয়াই তিল পিঠা,চিৰা, বৰা ধানৰ সান্দহ, আখৈ, ভজা চাউল, কোমল চাউল, ভাপত দিয়া পিঠা, নাৰিকলৰ লাডু, তিলৰ লাড়ুকে ধৰি বিভিন্ন ধৰণৰ লাড়ু বনায়। আনহাতে এই সময়ছোৱাৰ বজাৰতো উভৈনদী হৈ পৰে পিঠা-পনা, চিৰা, লাৰু আদিকে ধৰি ভোগৰ সা-সামগ্ৰীসমূহ। সময়ৰ অভাৱত নিজে প্ৰস্তুত কৰিব নোৱাৰিলেও বজাৰৰ পৰা ক্ৰয় কৰি আনি হলেও অসমীয়াই পালন কৰে মাঘ বিহু বা ভোগালী বিহু। বিহু কেৱল এটি উৎসৱ নহয়, ই সমগ্ৰ অসম তথা অসমীয়া জনজীৱনৰ প্ৰাণস্পন্দন আৰু আমাৰ সাংস্কৃতিক পৰিচয়। ঠায়ে ঠায়ে আমাৰ লোক-সংস্কৃতিৰ পৰিচায়ক বিভিন্ন সমজুৱা খেল-ধেমালিৰ আয়োজন কৰা হৈছে। জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande