তিতাবৰ কাংসপাৰ সত্ৰত মাঘ বিহু উদযাপন
যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। অসমীয়াৰ বাপতি সাহোন ভোগালীৰ বিহুতি অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিতাবৰ ন - আলি ঢেকিয়াজুলিস্থিত কাংসপাৰ সত্ৰৰ বৰ নামঘৰত উলহ মালহেৰে উদযাপন কৰা হয়। ৰাইজে সমজুৱা ভাৱে খৰি কাটি মেজি সজাৰ পিছত নিশা পৰম্পৰাগত ভাৱে ধৰ্মীয় নীতি
তিতাবৰ কাংসপাৰ সত্ৰত মাঘ বিহু উদযাপন


যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। অসমীয়াৰ বাপতি সাহোন ভোগালীৰ বিহুতি অসমৰ বিভিন্ন অঞ্চলৰ লগতে তিতাবৰ ন - আলি ঢেকিয়াজুলিস্থিত কাংসপাৰ সত্ৰৰ বৰ নামঘৰত উলহ মালহেৰে উদযাপন কৰা হয়। ৰাইজে সমজুৱা ভাৱে খৰি কাটি মেজি সজাৰ পিছত নিশা পৰম্পৰাগত ভাৱে ধৰ্মীয় নীতি নিয়মেৰে নাম কীৰ্তন আৰু নেগেৰা নাম পৰিবেশন কৰি আনন্দ উপভোগ কৰাৰ লগতে পুৱা ৰাইজে নামঘৰৰ সন্মুখত আধ্যাত্মিকতাৰে হৰিধ্বনি দি মেজি জ্বলাই ৰাইজৰ কুশল মংগল কামনা কৰে।

বৰ্তমান ভেলা ঘৰৰ ধাম খুমিয়া প্ৰতিযোগিতাত উটি ভাহি যোৱাৰ পৰিবৰ্তে সত্ৰখনত পূৰ্বৰ পৰাই এনেদৰে নিশা নামঘৰত হৰি নাম কীৰ্তনেৰে আনন্দ উপভোগ কৰি অঞ্চলটোৰ মুনিহ তিৰোতা সকলকে আশীৰ্বাদ প্ৰদান কৰি পুৱা মেজি জ্বলোৱাৰ পৰম্পৰা চলি আহিছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande