
ধুবুৰী, ১৪ জানুৱাৰী (হি.স.): আজি ভোগালী বিহু তথা মাঘ বিহু। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ চাপৰৰ আৰেয়াৰঝাৰতো পালন কৰে ভোগালি বিহু ।
গাঁৱৰ ডেকা সকলে সকলোৱে মিলি ভেলাঘৰ প্ৰস্তুত কৰে আৰু উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে।তদুপৰি গাঁৱৰ ৰাইজে মিলি একেলগে জুই পুৱাই নাম-কীৰ্তন কৰে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নি দেৱতাক স্মৰণ কৰি সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। ইয়াৰ পিছত গুৰু-ভকতক, জেষ্ঠ জনক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীৰ্বাদ লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ