
বৰপেটা, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। বৰপেটা জিলাৰ কলগাছিয়াত ভোগালী বিহু উদযাপন কৰা হৈছে । আজি দোমাহীৰ দিনা পুৱাৰ ভাগত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ ঠাকুৰীয়াই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। লগতে অপায় অমংগল দুৰ হৈ সকলোৰে মংগল হওক, তাৰে কামনা কৰিছে।
অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতি বছৰৰ দৰে এইবেলিও কলগাছিয়া আৰক্ষী থানাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত উদযাপন কৰা হয় ভোগালী বিহু। দোমাহীৰ পুৱাই মেজিত জুই দি উত্তাপ লৈ প্ৰাৰ্থনা কৰে আৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা