বিলাসীপাৰাৰ শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত শুভ উদ্বোধন
বিলাসীপাৰাৰ শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত শুভ উদ্বোধন।
বিলাসীপাৰাৰ শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত শুভ উদ্বোধন


ধুবুৰী, ১৪ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত যোৱা কালি বিয়লি শুভ উদ্বোধন কৰা হয় নতুন জিৰণি গৃহ আৰু প্ৰসাদ ৰন্ধন গৃহ। চহৰখনৰ ৩ নম্বৰ ৱাৰ্ডত অৱস্থিত শ্ৰী শ্ৰী ৰাধা মদন গোপাল বিগ্ৰহ আখৰাত ভক্তৰ মাজত দেখা পোৱা গল ব্যাপক উছাহ আৰু উদ্দীপনা।

অসম চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ আনটাইড ফাণ্ডৰ অনুমোদিত ২০ লাখ টকাৰে নিৰ্মাণ কৰা হৈছে উক্ত জিৰণি গৃহ আৰু প্ৰসাদ ৰন্ধন গৃহৰ। গৃহ দুটাৰ শুভ উদ্বোধন কৰি দিন দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ কৰে প্ৰাক্তন বিজেপি বিধায়ক ড° অশোক কুমাৰ সিংহীয়ে। কম্বল বিতৰণ অনুষ্ঠানৰ অন্ততঃ ভক্ত সকলোৰ লগত কিছু মত বিনিময় কৰাও পৰিলক্ষিত হয় ড° অশোক কুমাৰ সিংহীৰ । উল্লেখ্য যে অলপতে ঘটি যোৱা কোকৰাঝাৰৰ ঘটনাক তীব্ৰ গৰিহণা জনাই তেওঁ কয় যে ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই আৰু ধৰ্ষণকাৰীৰ শাস্তি অধিক কঠোৰ হ'ব লাগে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande