গোৱালপাৰা জিলাত ভোগালী বিহুৰ পাৰভঙা উছাহ
গোৱালপাৰা, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো ভোগালী বিহুৰ পাৰভঙা উছাহ দেখিবলৈ পোৱা গৈছে । আ
গোৱালপাৰা জিলাত ভোগালী বিহুৰ পাৰভঙা উছাহ


গোৱালপাৰা, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাতো ভোগালী বিহুৰ পাৰভঙা উছাহ দেখিবলৈ পোৱা গৈছে ।

আজি পুৱাই বিভিন্ন ঠাইত পৰম্পৰা ৰক্ষা কৰি নীতি নিয়মৰ মাজেৰে মেজিত জুই দিয়া হয় । একেদৰে জিলা খনৰ ৰাভা অধ্যুষিত এলেকা সমূহতো ভোগালী বিহু উপলক্ষে ওখল মাখল পৰিবেশ বিৰাজ কৰিছে । শিলদাঙা ইলুৱাপাৰাত আজি পুৱা মেজিত জুই দি সৰ্ব দিশৰ মংগল কামনা কৰা হয় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande