
ধুবুৰী, ১৪ জানুৱাৰী (হি.স.): মকৰ সংক্ৰান্তি আৰু ভোগালী বিহু উপলক্ষে অইন অইন বছৰৰ দৰে আজিও ধুবুৰীৰ লাইন্স ক্লাৱ প্ৰাংগণত ১২০০ শ কম্বল বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সমাজ সেৱক তথা লাইন্স ক্লাৱৰ সভাপতি সুৰেজ হাৰলালকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উক্ত অনুষ্ঠানত ধুবুৰী প্ৰেছ ক্লাৱৰ সভাপতি ৰাজীৱ শৰ্মাৰ লগতে কাৰ্য্যকৰী সভাপতি দেৱান জাহাঙ্গীৰ আলম, সাংগঠিন সম্পাদক ছৈয়দূৰ ৰহমানকে ধৰি সমূহ প্ৰেছ ক্লাৱৰ কৰ্মকর্তাক ধুবুৰী লাইন্স ক্লাৱৰ তৰপৰ পৰা এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ধুবুৰীৰ বিভিন্ন ঠাইৰ পৰা অহা মুঠ ১২শ অসহায় দৰিদ্ৰ দুখীয়া ব্যক্তিক কম্বল বিতৰণ কৰা হয়।
উল্লেখ্য যে গোটেই বছৰ জোৰা বিভিন্ন সামাজিক কামত ব্যস্ত থকা লাইন্স ক্লাৱৰ মাটিত অতি সোনকালে এখনি চকু চিকিৎসালয় স্থাপনৰ যোজা চলাইছে ধুবুৰী লাইন্স ক্লাৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ