
ধুবুৰী, ১৪ জানুৱাৰী (হি.স.)। আজি হেঁপাহৰ ভোগালী বিহু। ৰাজ্য়ৰ অন্য়ান্য় প্ৰান্তৰ দৰে ধুবুৰী আৰক্ষী প্ৰশাসনৰ আৰক্ষী সকলে একত্ৰিত হৈ পুৱাই জ্বলালে মেজি। উৰুকাৰ নিশা আৰক্ষী সকল একেলগে এসাজ খোৱাৰ পিছত বিহুৰ দিনা ভেলাঘৰ আৰু মেজি প্ৰজ্বলন কৰাটো এক পৰম্পৰা হৈ পৰিছে ৷ নিজৰ পৰিয়ালৰ লোকক এৰি কৰ্তব্যৰত ব্যস্ত থকা আৰক্ষীৰ লোকসকল পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰে এই বছৰো একত্ৰিত হৈ পুৱাই জ্বলালে মেজি ৷
ধুবুৰী সংৰক্ষিত আৰক্ষী চাউনী খেলপথাৰত জিলা আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী কনিষ্টবল, বিষয়া কৰ্মচাৰী সকলোৱে মিলি ইষ্টদেৱতাক নৈবদ্য আগবঢ়ায় ৷ ইয়াৰ পিছতে মেজি প্ৰজ্বলন কৰাৰ লগতে মেজিৰ উত্তাপে যাতে সকলোৰে অসুয়া-অমঙ্গল দুৰ কৰি সুখ আৰু শান্তি লৈ আহে তাৰ কামনা কৰে।
মেজি প্ৰজ্বলন কৰাৰ পিছত বিহু নৃত্য প্ৰদৰ্শন কৰে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু