

নতুন দিল্লী, ১৪ জানুৱাৰী (হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি বুধবাৰে নংগল ৰায়া গাঁৱত ৮১টা আয়ুষ্মান আৰোগ্য মন্দিৰ উদ্বোধন কৰে। ইয়াৰ ফলত দিল্লীৰ মুঠ আৰোগ্য মন্দিৰৰ সংখ্যা ৩১৯টালৈ বৃদ্ধি পালে।
সংবাদমেলত মুখ্যমন্ত্ৰী গুপ্তাই কয় যে আজি মকৰ সংক্ৰান্তিৰ দিনা আৰু ৮১টা আৰোগ্য মন্দিৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হয়। ইতিমধ্যে দিল্লীত ২৩৮টা আৰোগ্য মন্দিৰ উদ্বোধন কৰিছে চৰকাৰে। এই আৰোগ্য মন্দিৰসমূহৰ জৰিয়তে আমি দিল্লীক প্ৰাথমিক স্বাস্থ্যসেৱাৰ বাবে সুবিধাজনক স্থান প্ৰদান কৰিছো। দিল্লীৰ ৰাইজে লাভ কৰিব গুণগত স্বাস্থ্যসেৱা। আমাৰ লক্ষ্য ১১০০টা আৰোগ্য মন্দিৰ স্থাপন কৰা, আৰু আমি এই লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰি আছো। আয়ুষমান আৰোগ্য মন্দিৰ হৈছে দিল্লী চৰকাৰৰ প্ৰতিটো ঘৰতে বিনামূলীয়া, সুলভ, আৰু সন্মানজনক প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদানৰ অভিযানৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। এই অনুষ্ঠানত সাংসদ কমলজীত ছেহৰাৱত, কেবিনেট মন্ত্ৰী ড০ পংকজ সিং, হৰি নগৰৰ বিধায়ক শ্যাম শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
চৰকাৰৰ মতে, দিল্লীৰ প্ৰতিখন আৰোগ্য মন্দিৰত চিকিৎসক, পৰামৰ্শ, অত্যাৱশ্যকীয় ঔষধ, আৰু নিদানমূলক পৰীক্ষাকে ধৰি বহুতো স্বাস্থ্যসেৱাৰ লগতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কৰ্কট ৰোগৰ পৰীক্ষা, মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা, বিনামূলীয়া টিকাকৰণ, বৃদ্ধিৰ নিৰীক্ষণ, জীৱনশৈলীৰ পৰামৰ্শ, মানসিক স্বাস্থ্য সেৱা, আৰু যোগাসন আৰু পুষ্টিৰ নিৰ্দেশনা আদিৰ ব্যৱস্থা কৰা হয়। ইয়াৰ ফলত বৃহৎ চৰকাৰী চিকিৎসালয়সমূহৰ ওপৰত হেঁচা বহু পৰিমাণে হ্ৰাস পাইছে। ইয়াৰ দ্বাৰা মহিলা, জ্যেষ্ঠ নাগৰিক, আৰু কম আয়ৰ পৰিয়ালৰ বাবে সময়মতে, মানসম্পন্ন আৰু বিনামূলীয়া চিকিৎসা নিশ্চিত কৰা হৈছে।
আৰোগ্য মন্দিৰৰ সম্প্ৰসাৰণৰ সমান্তৰালকৈ দিল্লীয়ে আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেৱাই) আৰু আয়ুষ্মান ভাৰত-বায় বন্দনা যোজনা (এবি-ভিভিৱাই) দুয়োটাৰে অধীনত নিজৰ কভাৰেজ নেটৱৰ্ক শক্তিশালী কৰি তুলিছে। ২০২৬ চনৰ ১৩ জানুৱাৰীলৈকে দিল্লীত মুঠ ৬,৯১,৫৩০ খন হেল্থ কাৰ্ড (পিএম-জেএৱাই-ভিভিৱাই সহ) প্ৰদান কৰা হৈছে, ইয়াৰে ২৬৫,৮৯৫ খন ভিভিৱাই কাৰ্ড।
আঁচনিখনৰ সহজ সুবিধা নিশ্চিত কৰিবলৈ দিল্লীত ১৮৯খন চিকিৎসালয়ক এম্পেনেল কৰা হৈছে, য’ত ১৩৮খন ব্যক্তিগত চিকিৎসালয়, ৪১খন দিল্লী চৰকাৰী চিকিৎসালয়, আৰু ১০খন কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয় আছে। সকলো এম্পেনেলযুক্ত প্ৰতিষ্ঠানে নগদবিহীন চিকিৎসা প্ৰদান কৰে, যাৰ ফলত অৰ্থনৈতিকভাৱে বঞ্চিত পৰিয়ালসমূহে কোনো খৰচ বা হেঁচা নোহোৱাকৈ জীৱন ৰক্ষাকাৰী চিকিৎসা লাভ কৰিব পাৰে। ৰাজ্যিক স্বাস্থ্য সংস্থা (এছএইছএ), দিল্লীৰ তত্বাৱধানত আয়ুষ্মান ভাৰত আঁচনিখনে এই পৰ্যন্ত ৩৬,৩১,০৭,৬২১ টকাৰ দাবী নিষ্পত্তি কৰি হাজাৰ হাজাৰ পৰিয়ালক যথেষ্ট আৰ্থিক নিৰাপত্তা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পকেটৰ পৰা ওলোৱা খৰচো হ্ৰাস কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ