চাপৰ ফলিমাৰিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়
চাপৰ ফলিমাৰিত চলিছে কি।
চাপৰ ফলিমাৰিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়


ধুবুৰী, ১৪ জানুৱাৰী (হি.স.): ধুবুৰী জিলাৰ চাপৰ ফলিমাৰিত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলিব ধৰিছে। ফলিমাৰীত উদ্ধাৰ কৰা হৈছে ব্য়াপক সংখ্য়ক শাল কাঠৰ কুণ্ডা । বহলপুৰ আঞ্চলিক বন বিভাগে জব্দ কৰে এই কুণ্ডাসমূহ।

উল্লেখ্য় যে ফলিমাৰী পিআৰএফ অঞ্চলত আছে দুটাকৈ কাঠ ফলা মিল । অঞ্চলটোত এই কাঠফলা মিলৰ অনুমতি দিয়াক লৈও প্ৰশ্ন উত্থাপিত হৈছে। এই মিলক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে চোৰাং কাঠৰ ৰমৰমীয়া ব্য়ৱসায়। দুষ্ট চক্ৰই চোৰাংভাৱে কাঠৰ কুণ্ডা আনি মিলত ফালি চোৰাং কাঠৰ ৰমৰমীয়া ব্য়ৱসায় চলাই গৈছে। এনে ধৰণৰ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বহলপুৰ আঞ্চলিক বন বিষয়াৰ ওচৰত দাবী জনোৱা হৈছে । লগতে তদন্ত কৰি অতি সোনকালে ফলিমাৰী পিআৰএফ অঞ্চলত থকা দুটা কৈ কাঠ ফলা মিলৰ অনুঞ্জাপত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande