শিৱসাগৰৰ খনামুখত ভোগালী উৎসৱ উদযাপন
শিৱসাগৰ, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। শিৱসাগৰ জিলাৰ খনামুখ শাখা সাহিত্য সভা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খনামুখ শাখা
শিৱসাগৰৰ খনামুখত ভোগালী উৎসৱ উদযাপন


শিৱসাগৰ, ১৪ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। শিৱসাগৰ জিলাৰ খনামুখ শাখা সাহিত্য সভা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খনামুখ শাখা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত জকাইচুক পথাৰত ভোগালী উৎসৱ উদযাপন কৰা হয়।

ভোগালী উৎসৱ উপলক্ষে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত টেকেলী ভঙা , ৰচি টনা, মিউজিক চেয়াৰ, চকু বান্ধি হাঁহ ধৰা আদি পৰম্পৰাগত খেল অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিয়ে গ্ৰাম্য জীৱনত গাখীৰ যোগানৰ জড়িয়তে সেৱা আগবঢ়োৱা বাৰজন ম'হপালকক সম্বৰ্ধনা জনায়। নিশালৈ উদযাপন সমিতিয়ে সাংস্কৃতিক সন্ধ্যাৰ লগতে এটি সম্প্ৰীতিৰ বান্ধোন অটুট ৰখাৰ বাবে এটি প্ৰীতি ভোজৰ আয়োজন কৰে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande