
নলবাৰী, ১৪ জানুৱাৰী (হি.স.)। বৰমাৰ মৰা পাগলাদিয়াৰ পাৰত মৃতদেহ উদ্ধাৰ। বৰমাৰ ভোগালী বিহু উদযাপন স্থলীত এই ঘটনা সংঘটিত হয়।
নিহত যুৱকজনৰ নাম জোন বুলি চিনাক্ত কৰা হৈছে। জোন বৰমাৰ চাহ দোকানৰ কৰ্মচাৰী। অত্যধিক মদ্যপান কৰি আছিল যুৱকজন। ইফালে স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইফালে আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত মৃতদেহটোৰ হাত আৰু মুৰত আঘাত দেখিবলৈ পোৱা গৈছে। ইয়ালৈ লক্ষ্য কৰি আৰক্ষীয়ে এয়া এক হত্যাকাণ্ডৰ ঘটনা হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা