
মাজুলী, ১৪ জানুৱাৰী (হি.স.): আজি মাঘ বিহু । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উজনি মাজুলীৰ চিৰাম দেৱোত্তৰ গাঁৱৰ মিচিং ৰাইজে চিৰাম দেৱোত্তৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহু স্হলীত উৰুকাৰ নিশা ভোজ ভাত খাই আজি পুৱাই পৰম্পৰা ৰক্ষা কৰি নীতি-নিয়মৰ মাজেৰে মেজিত অগ্নি সংযোগেৰে অগ্নি পুজা কৰি আৰ্শীবাদ লয় । দুটাকৈ মেজি সাজি পুৱতি নিশাই প্ৰথমটো মেজি 'পুৰুষ মেজি' তেওঁলোকৰ নীতি নিয়মৰ মাজেৰে জ্বলাই অগ্নি পুজাৰে আৰ্শীবাদ লয়।
বিশেষকৈ ধূপ- দ্বীপ, তামোল -পাণ, কাঠআলু, চিৰা আদিৰে এই নীতি নিয়ম পালন কৰে । দ্বিতীয়টো মেজি 'মহিলা মেজি' কিছু সময় পলমকৈ জ্বলাই পুনৰ বাৰ অগ্নি পুজাৰে বছৰটোত একো অপায় অমঙ্গল নহ'বলৈ আৰ্শীবাদ লয় গাঁৱৰ পুৰুষ - মহিলা সকলোৱে মিলি। গাঁৱৰ জীয়ৰী সকলেও মনোবাঞ্চা কামনাৰে মেজিৰ অগ্নি পুজাত সমজুৱাকৈ আৰ্শীবাদ লয় । অগ্নি পুজাৰ অন্ততঃ সকলোৱে মিলি লঘু আহাৰ গ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ