
কামৰূপ, ১৪ জানুৱাৰী (হি.স.): আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন মাঘ বিহু। ভোগালী বিহুৰ দিনা পুৱাই অগ্নিক সেৱা কৰি ৰাইজে জ্বলালে মেজি। চুঙাজানৰ দ গাঁৱত মেজিত অগ্নিসংযোগ কৰি সকলোৰে মঙ্গল কামনাৰে অগ্নিদেৱতা ওচৰত প্ৰাৰ্থনা কৰে।
উৰুকাৰ নিশা ভেলঘাৰত লগে ভাগে এসাঁজ খোৱাৰ অন্তত কাহিলি পুৱাতে গা পা ধুই শৰাই, বিহুৰ পিঠা, তামোল পাণ, দক্ষিণা আদিৰে অগ্নিক প্ৰণাম জনাই মেজিত অগ্নি সংযোগ কৰে। সমাজৰ পৰা অসুয়া অপ্ৰিতী দুৰ কৰাৰ বাবে জনাই প্ৰাৰ্থনা। মেজিৰ জুইত জাহ যাওঁক দুখ, হিংসা-দুৰ্নীতি আৰু ঘূৰি আহক সুখ-শান্তি-সমৃদ্ধি এই কামনাৰে মেজিৰ তলিত আশীৰ্বাদ ললে চুঙাজানৰ দ গাওঁ বাসীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ