
শিৱসাগৰ, ১৪ জানুৱাৰী (হি.স.): অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰৰ আৰক্ষী চাওনিত উলহ মালহৰে উদযাপন কৰা হৈছে মাঘ বিহু। পহিলা মাঘৰ পুৱাতে কৰ্তব্য নিয়োজিত হৈ থকা আৰক্ষী মেজি প্ৰজ্বলন কৰি সকলোৱে কুশল মংগল কামনা কৰে।
বিহু দিনটোত নিজৰ ঘৰৰ পৰা আঁতৰি থাকি আজি দিনটোত নিজৰ সহকৰ্মী সৈতে শিৱসাগৰ আৰক্ষী চাউনিত মেজি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত উপস্থিত শিৱসাগৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, ময়দুল ইছলাম লগতে বহুতো আৰক্ষী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ