বজালীত ভোগৰ উৎসৱ ভোগালী বিহু পালন
বজালীত ভোগৰ উৎসৱ ভোগালী বিহু।
বজালীত ভোগৰ উৎসৱ ভোগালী বিহু পালন


বৰপেটা, ১৪ জানুৱাৰী (হি.স.): আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বছৰ বছৰ ধৰি অসমীয়াই পালন কৰি আহিছে বাপতি সাহোন মাঘ বিহু। যোৱা কালি নিশা সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা।

আজি পুৱা সকলোৱে মেজিৰ জুইত উম লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে সকলোৰে মংগলৰ কাৰণে । বজালী কনিমাৰা খাটাথেৰ চুবুৰী বাসী মাঘ বিহু উপলক্ষে সাজি উলিয়াছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশেষ গীতাৰ খন। সাজি উলিয়াছে পুষ্পা চিনেমাৰ আৰ্হিত এখন ট্ৰাক।যান্ত্ৰিকতা যুগত অসমীয়া চহা জীৱনৰ পৰা হেৰাই যাব ধৰা নাঙল পাথৰত নৰা কাটি মেজিৰ লগতে সকলো কৰিছে প্ৰস্তুত । প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মেজিৰ কাষতে জানোৱা হৈছে শ্ৰদ্ধাঞ্জলি । আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল বজালীৰ দক্ষিণ প্ৰান্তত থকা এই সৰু গাঁও খন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande