
দক্ষিণ শালমাৰা মানকাচৰ, ১৪ জানুৱাৰী (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত যোৱা কালি মঙলবাৰে ৭জনীয়া এটা বাংলাদেশী নাগৰীকৰ দলে ভাৰত বাংলাদেশ সীমান্তৰ জোৰডাঙাৰ কাইটিয়া বেৰৰ কাষত বাহৰ লাখুটি লৈ আহি থকা প্ৰত্যক্ষ কৰে সীমান্ত সুৰক্ষা বাহিনীৰ দলে ৷ জোৰডাঙা সীমান্ত সুৰক্ষা বাহিনীৰ দলে মহম্মদ মাছুদ ওৰফে মিষ্টাৰ নামৰ লোক জনক কৰায়ত্ব কৰিবলৈ সফল হয় যদিও বাকী ৬জন বাংলাদেশী নাগৰীকৰ দলটোৱে ৰাতিপুৱাৰ নিয়ৰৰ সুযোগ বুজি পলায় কৰে৷
বাংলাদেশী নাগৰীক জনক মানকাচৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে শোধ পোচ পিছত হাটশিঙীমাৰীস্থ আদালতলৈ প্ৰেৰণ কৰে ৷ধৃত ব্যক্তি মহম্মদ মাছুদ ওৰফে মিষ্টাৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত ৰতনপুৰ গাওঁ খনৰ বাসিন্দা। মহম্মদ মাছুদৰ পৰা দুটা মোৱাইল ফোন জব্দ কৰিছে বুলি আৰক্ষীয়ে সূত্ৰে জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ