(আপডেট) টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দূৰ্ঘটনা –গুৰুতৰভাৱে আহত ৪ জনৰ ১ জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ
গাড়ী চালক দীপক গগৈ ওৰফে মিন্টু গগৈৰ ঘৰৰ চোতালত মৃতদেহ চমজাই দিয়াৰ হুংকাৰ যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত ঘটনাত দুজনকৈ লোক নিহত আৰু গুৰুতৰভাৱে ৪ লোক আহত
(আপডেট) টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত ভয়ংকৰ দূৰ্ঘটনা –গুৰুতৰভাৱে আহত ৪ জনৰ ১ জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ


গাড়ী চালক দীপক গগৈ ওৰফে মিন্টু গগৈৰ ঘৰৰ চোতালত মৃতদেহ চমজাই দিয়াৰ হুংকাৰ

যোৰহাট, ১৪ জানুৱাৰী (হি.স.)। যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰা দিহিঙীয়া গাঁৱত আজি পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত ঘটনাত দুজনকৈ লোক নিহত আৰু গুৰুতৰভাৱে ৪ লোক আহত হয় । জানিব পৰা মতে নিশা উৰুকাৰ ভোজভাত খাই পুৱা পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চফাই কৰি থকা অৱস্থাত এখন স্ক'পিঅই মহতিয়াই নিয়ে আটাইকেইজন লোকক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ৪ জনৰ ১ জনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আহত সকলক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও দুজন যুৱকৰ মৃত্যু হয়। নিহত যুৱক দুজন হৈছে অভিজিত ফুকন আৰু অমৃত গগৈ। আহত যুৱক চাৰিজন হৈছে প্ৰাণজিত গগৈ, মানস গগৈ, সুৰজিত বৰা আৰু পংকজ দত্ত। দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ এএছ ০৩ এএন ৯১৪১ বুলি জনা গৈছে। গাড়ীখনৰ চালক

ন-বিজেপি নেতা মিণ্টু গগৈ ওৰফে দীপক গগৈ সম্প্ৰতি পলাতক অৱস্থাত আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। ইপিনে ৰাইজৰ দাবী গাড়ীচালক দীপক গগৈক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা মৃতদেহ একে গাৱঁৰে যুৱক তথা গাড়ী চালক দীপক গগৈ ওৰফে মিন্টু গগৈৰ ঘৰৰ চোতালত চমজাই দিয়াৰ হুংকাৰ দিছে । লগতে প্ৰাপ্ত খবৰ অনুসৰি গুৰুতৰভাৱে আহত পংকজ দত্তক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে। ইপিনে দুৰ্ঘটনাত পতিত প্ৰতিজন ব্যক্তিৰে আৰ্থিক অৱস্থা বৰ সুচল নহয় সেয়ে মৃতকৰ শ্ৰাদ্ধ তথা আহতৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন মিন্টু গগৈয়ে কৰিব লাগিব বুলি ৰাইজে দাবী জনাইছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande