জনীয়াত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত
জনীয়াত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত।
জনীয়াত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত


বৰপেটা, ১৩ জানুৱাৰী (হি.স.): বৰপেটা জিলাৰ জনীয়াত নাৰী দেহ ব্যৱসায় চক্ৰ উৎখাত কৰা হৈছে । Lovely Hotel & Restaurant আৰু Royal Galaxy হোটেলত দীৰ্ঘদিনৰ পৰাই নাৰী দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত যোৱা কালি সোমবাৰে বিয়লি হোটেল দুখন ভাঙি লণ্ডভণ্ড কৰে ৰাইজে ।

অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকা সাত গৰাকী যুৱতী বৰপেটা আৰক্ষীক গতাই দিয়াৰ লগতে এনেধৰণৰ অসামাজিক কাৰ্যকলাপ যাতে পুনৰ সংঘটিত নহয় তাৰবাবে জিলা প্ৰশাসনক আহ্বান জনায় ৰাইজে। স্মৰ্তব্য যে ৰেষ্টুৰেন্ট দুখনৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande