
ডেৰাডুন, ১৩ জানুৱাৰী (হি.স.)। উত্তৰাখণ্ডৰ কুমাওঁ সংমণ্ডলৰ বাগেশ্বৰত আজি পুৱা ৭:২৫ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৩.৫ জোখা হৈছিল। পুৱাৰ ভাগত কম্পন অনুভৱ কৰি ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহিছিল লোকসকল।
নেশ্যনেল চেইজম’লজী চেণ্টাৰৰ তথ্য অনুসৰি এই ভূগৰ্ভস্থ আছিল বাগেশ্বৰত। ূভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ তলত অৱস্থিত হোৱাৰ বাবে মানুহে কম্পন অনুভৱ কৰিছিল। এই কম্পন ১৭৪ কিলোমিটাৰ দূৰৈৰ ঋষিকেশ আৰু ১৮৩ কিলোমিটাৰ দূৰৈৰ হৰিদ্বাৰলৈকে ভূমিকম্পৰ প্ৰভাৱ অনুভৱ কৰা হয়। ৰাজ্যিক দুৰ্যোগ কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি ভূমিকম্পৰ পিছতে স্থানীয় প্ৰশাসনক সতৰ্ক কৰি দিয়া হৈছে। কোনো লোক হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই। একাংশ লোকে কম্পনৰ লগতে বজ্ৰপাতৰ দৰে শব্দ শুনা বুলি জনাইছে, যাৰ ফলত ভয় বৃদ্ধি পাইছিল।
পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে। বিশেষজ্ঞসকলৰ মতে কম তীব্ৰতাৰ ভূমিকম্প সাধাৰণতে নিৰাপদ যদিও পাহাৰীয়া অঞ্চলত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। প্ৰশাসনে ৰাইজক আতংকিত নহ’বলৈ আৰু কোনো জৰুৰীকালীন অৱস্থাত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া