
চেন্নাই, ১৩ জানুৱাৰী (হি.স.)। শ্ৰীলংকাৰ নৌসেনাই ৰামেশ্বৰমৰ ১০ জন মাছমৰীয়াক আটক কৰাৰ লগতে এখন মাছ ধৰা নাও জব্দ কৰিছে। সীমান্তৰ সিপাৰে মাছ ধৰাৰ অভিযোগত শ্ৰীলংকাৰ নৌসেনাই তামিলনাডু আৰু পুডুচেৰীৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ নাও জব্দ কৰি চৰকাৰী সম্পত্তি বুলি ঘোষণা কৰাৰ কাণ্ড অব্যাহত আছে। ইয়াৰ ফলত এই মাছমৰীয়াসকলৰ জীৱিকাৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে।
একেধৰণৰ ঘটনাত নেদুন্থেভু অঞ্চলত সীমান্তৰ সিপাৰে মাছ ধৰাৰ অভিযোগত ৰামেশ্বৰমৰ ১০জন মাছমৰীয়াক আটক কৰা হৈছে। খবৰ অনুসৰি মাছমৰীয়াসকলক জাফনা মীন বিভাগৰ বিষয়াসকলৰ সন্মুখত হাজিৰ কৰোৱা হ’ব।
মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁলোকৰ পৰিয়ালৰ লগতে মাছমৰীয়া সমাজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। শ্ৰীলংকাৰ নৌসেনাই অনুপ্ৰৱেশকাৰীভাৱে কাম কৰা বুলি অভিযোগ উত্থাপন হৈছে, আৰু তেওঁলোকক শীঘ্ৰে মুক্তিৰ দাবী উত্থাপন কৰা হৈছে।
ধৃত মাছমৰীয়াকেইজনক জেৰা অব্যাহত ৰাখিছে শ্ৰীলংকাৰ নৌসেনাই। এনে ঘটনা ৰোধৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰক সুনিৰ্দিষ্ট পদক্ষেপ গ্রহণ কৰিবলৈ মাছমৰীয়াসকলে দাবী জনাইছে ৷
हिन्दुस्थान समाचार / Manoj Kumar Saikia