মাঘৰ বিহুৰ উৰুকাৰ দিনা নেলীৰ সমাজকৰ্মী বাবুল পাটৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ
মৰিগাঁও, ১৩ জানুৱাৰী (হি.স.)। মাঘৰ বিহুৰ উৰুকাৰ দিনা জাগীৰোডৰ নেলীৰ সমাজকৰ্মী বাবুল পাটৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । গাঁৱৰ দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিলে প্ৰায় ৫ কুইন্টলতকৈ অধিক থলুৱা মাছ। বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে জনপ্ৰিয়
মাঘৰ বিহুৰ উৰুকাৰ দিনা নেলীৰ সমাজকৰ্মী বাবুল পাটৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ


মৰিগাঁও, ১৩ জানুৱাৰী (হি.স.)। মাঘৰ বিহুৰ উৰুকাৰ দিনা জাগীৰোডৰ নেলীৰ সমাজকৰ্মী বাবুল পাটৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । গাঁৱৰ দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিলে প্ৰায় ৫ কুইন্টলতকৈ অধিক থলুৱা মাছ। বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া, শ্ৰীমন্ত শংকৰ সংঘৰ প্ৰাক্তন সম্পাদক বাবুল বৰা ।

প্ৰতিবছৰৰ দৰে এইবেলিও বাবুল পাটৰে শতাধিক লোকৰ মাজত বিতৰণ কৰে ৰৌ, বৰালি, শৌলকে ধৰি বিভিন্ন থলুৱা মাছ। উৰুকাৰ নিশা পৰিয়ালৰ সৈতে উদৰ পুৰাই যাতে লগে ভাগে এসাঁজ খাব পাৰে তাৰে ব্যৱস্থা কৰে সমাজকৰ্মী গৰাকীয়ে। বাবুল পাটৰৰ এই কাৰ্যক শলাগ লয় গাঁও বাসীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande