
নগাও, ১৩ জানুৱাৰী (হি.স.)। কামপুৰৰ আমতলা শংকৰদেৱ শিশু নিকেতনত ব্যতিক্ৰমী চিন্তাৰে ভোগালীৰ উৎসৱৰ উৰুকা উদযাপন।
আজি ভোগালী উৎসৱৰ উৰুকা। সমগ্ৰ অসমবাসীয়ে ভোগালী বিহু উদযাপনৰ মতলীয়া হৈ থকা সময়তে কামপুৰৰ এখন বিদ্যালয়ে ব্যতিক্ৰমী ভাবে উদযাপন কৰিলে ভোগালী বিহু।
পাঠ্যপুথিৰ শিক্ষাৰ মাজে মাজে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অসমীয়া পৰম্পৰাৰৰ ওপৰত শিক্ষা দানৰ উদ্দেশ্য আজি উৰুকা উদযাপন কৰা হৈছে বুলি জানিব দিয়ে প্ৰধান আচাৰ্য্য দিপীকা বৰাই। উল্লেখ্য যে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰী সকলে এখন খাদ্য মেলাৰ আয়োজন কৰিছে।এই মেলাত উপলব্ধ হৈছে বিভিন্ন পিঠাপনা,লাড়ু, ঔটেঙা সহ বিভিন্ন ফলমুল। আনফালে আচাৰ্য্য সকলে ব্যস্ত হৈ পৰিছে লাড়ু ,পিঠা বনোৱাত। বিদ্যালয়তে এটা ভেলাঘৰ বনাই নিশাই ভাগলৈ এসাঁজ হাঁহে মাসে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। বিদ্যালয় খনৰ এনে পদক্ষেপক সলাগ লৈছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু