ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিৰ মাছৰ বজাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ২৯ কেজি ওজনৰ বিগ হেড মাছ
কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিৰ মাছৰ বজাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি ২৯ কেজি ওজনৰ প্ৰকাণ্ড সোণালী বিগ হেড মাছ । এই মাছৰ দাম হৈছে ৮০০ টকা প্ৰতি কেজি । প্ৰতি বছৰে এই বজাৰখন ভোগালী বিহুৰ উৰুকাৰ দিনা বহে। প্ৰকাণ্ড সোণ
ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিৰ মাছৰ বজাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু ২৯ কেজি ওজনৰ বিগ হেড মাছ


কামৰূপ, ১৩ জানুৱাৰী (হি.স.)। ৰঙিয়াৰ প্ৰগতি সংঘৰ বাকৰিৰ মাছৰ বজাৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটি ২৯ কেজি ওজনৰ প্ৰকাণ্ড সোণালী বিগ হেড মাছ । এই মাছৰ দাম হৈছে ৮০০ টকা প্ৰতি কেজি ।

প্ৰতি বছৰে এই বজাৰখন ভোগালী বিহুৰ উৰুকাৰ দিনা বহে। প্ৰকাণ্ড সোণালী বিকেত মাছ চাবলৈ গ্ৰাহকৰ হেতা ওপৰা। সমান্তৰাল ভাবে বিভিন্ন প্ৰজাতিৰ মাছ আহিছে বজাৰখন লৈ। উৰুকাৰ দিনা ভালদৰে মাছেৰে এসাজ খাবলৈ মাছ ক্ৰয় কৰিবলৈ আহিছে ৰাইজ বজাৰলৈ। সমগ্ৰ অসমৰে বজাৰ সমূহত আজি একেই দৃশ্যই দেখিবলৈ পোৱা গৈছে।

মাছ বজাৰ সমূহত আজি পুৱতি নিশাৰ পৰায়ে বিক্ৰেতা ক্ৰেতাৰ ভিৰ দেখা গৈছ।ে অৱশ্যে তাৰে মাজতেও যেন দূৰৈৰ পৰা ভাহি অহা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত শুনি বহুতৰে চকু সেমেকি উঠিল। সকলোৱে পুনৰ একেমুখে কলে জুবিন দাক ন্যায় দিয়ক। ন্যায়ৰ বাবে অসমবাসীয়ে অধিৰ আগ্ৰহেৰে ৰৈ আছে। ন্যায় পাবই লাগিব জুবিন দাই। পুনৰ কলে জয় জুবিন দা।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande