
দক্ষিণ শালমাৰা, ১৩ জানুৱাৰী (হি.স.)। মানকাচৰৰ ভাৰত-বাংলা সীমান্তবৰ্তী জোৰডাঙা সীমান্তত পুৱতি নিশা বাংলাদেশী নাগৰিক এগৰাকীক আটক। আজি পুৱতি নিশা প্ৰায় ৫:৩৫ বজাত ৭জনীয়া এটা বাংলাদেশী নাগৰিকৰ দলে ভাৰত বাংলাদেশ সীমান্তৰ জোৰডাঙাৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষত বাহৰ লাখুটি লৈ আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে সীমান্ত সুৰক্ষা বাহিনীৰ দলে ৷
সীমান্ত সুৰক্ষা বাহিনীৰ দলটোক প্ৰত্যেক্ষ কৰি বাংলাদেশী নাগৰিক কেই গৰাকী পলাবলৈ চেষ্টা কৰে যদিও এগৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন বাংলাদেশী নাগৰিক গৰাকী বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত ৰতনপুৰ গাওঁৰ মহম্মদ মাছুদ ওৰফে মিষ্টাৰ বুলি জানিব পৰা গৈছে।
জোৰডাঙা সীমান্ত সুৰক্ষা বাহিনীৰ দলে মহম্মদ মাছুদ ওৰফে মিষ্টাৰ নামৰ লোক জনক কৰায়ত্ব কৰিবলৈ সফল হয় যদিও বাকী ৬জন বাংলাদেশী নাগৰীকৰ দলটোৱে পুৱাৰ ঘন কুৱঁলিৰ সুযোগত পলায় কৰে৷ বৰ্তমান বাংলাদেশী নাগৰীক জনক মানকাচৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে শোধা পোচা চলোৱাৰ লগতে হাটশিঙীমাৰী স্হ আদালতলৈ প্ৰেৰন কৰিব বুলি জানিব পৰা গৈছে৷ ধৃত মহম্মদ মাছুদৰ পৰা দুটা মোৱাইল ফোন জব্দ কৰিছে বুলি আৰক্ষীয়ে সুত্ৰে জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা