
নগাঁও, ১৩ জানুৱাৰী (হি.স.)। পুৱতি নিশাৰ পৰা ৰাজ্যৰ প্ৰতিখন মাছৰ বজাৰত গ্ৰাহকৰ ভীৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামপুৰ মাধৱকন্দলী সমন্বয় ক্ষেত্ৰতো ভিৰ কৰে গ্ৰাহক সকলে।
পুৱতি নিশাৰ পৰা শ-শ গ্ৰাহকে নিজৰ পচন্দৰ মাছটো নিবলৈ মাধৱকন্দলী সমন্বয় ক্ষেত্ৰৰ বজাৰত ভীৰ কৰা পৰিলক্ষিত হৈছে। প্ৰকাণ্ড ওজনৰ, ভকুৱা, চিতল মাছ , বিকেট মাছ ইত্যাদি বিভিন্ন প্ৰজাতিৰ মাছ ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক সকল অহা পৰিলক্ষিত হয়।
ভোগালী বিহুৰ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে এসাজ খোৱাৰ বাবে দুৰ দুৰনিৰ পৰা গ্ৰাহক সকলে আনন্দ মনে নিজৰ পচন্দৰ মাছটো নিবলৈ আহিছে।
বিগত বর্ষতে এইবাৰ মাধৱকন্দলী সমন্বয় ক্ষেত্ৰত জুবিনক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লৈছিল ভোগালী মেলাৰ আয়োজক। জুবিন গাৰ্গৰ অবিহনে প্ৰথম বাৰ ভোগৰ বিহু ভোগালীক আদৰিবলৈ সাজু হৈছে ভোগালী মেলাৰ আয়োজক সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু