গীতাৰৰ আৰ্হিত ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম বঙাইগাঁও জিলাৰ ঢাকনাবাৰী আদৰ্শ গাঁওখনে
বঙাইগাঁও, ১৩ জানুৱাৰী (হি.স.)। জুবিন বিহীন প্ৰথমটো ভোগালী বিহু আদৰিবলৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতিত তেখেতৰ প্ৰিয় বাদ্য যন্ত্ৰ গীতাৰৰ আৰ্হিত ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও জিলাৰ ঢাকনাবাৰী আদৰ্শ গাঁওখনে।
গীতাৰৰ আৰ্হিত ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম বঙাইগাঁও জিলাৰ ঢাকনাবাৰী আদৰ্শ গাঁওখনে


বঙাইগাঁও, ১৩ জানুৱাৰী (হি.স.)। জুবিন বিহীন প্ৰথমটো ভোগালী বিহু আদৰিবলৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতিত তেখেতৰ প্ৰিয় বাদ্য যন্ত্ৰ গীতাৰৰ আৰ্হিত ভেলাঘৰ সাজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও জিলাৰ ঢাকনাবাৰী আদৰ্শ গাঁওখনে। আনহাতে মাঘ বিহুৰ উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ পিঠা পনা প্ৰস্তত কৰাত ব্যস্ত হৈ পৰিছে গাঁৱ খনৰ আই মাতৃ সকল।

পিঠা পনা বনোৱাৰ লগতে নিশা হাঁহে মঙহে গঞা ৰাইজে উৰুকাৰ পৰম্পৰা ৰক্ষা কৰি নিভাঁজ গাওলীয়া পৰিৱেশত টোপলা ভাত খাই নৃত্য-গীতেৰে উৰুকাৰ নিশা পালন কৰিব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande