গোলাঘাট জিলাৰ অ.গ.প কাৰ্যালয়ত উৰুকাৰ প্ৰীতি ভোজ
গোলাঘাট, ১৩ জানুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ অ.গ.প কাৰ্যালয়ত উৰুকাৰ প্ৰীতি ভোজ। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় ভোগালী বিহুৰ উৰুকা বিশেষ প্ৰীতি ভোজ। প্ৰীতি ভোজত উপস্থিত থাকে অসমৰ কেবিনেট মন্ত্ৰী তথা অসম গণ
গোলাঘাট জিলাৰ অ.গ.প কাৰ্যালয়ত উৰুকাৰ প্ৰীতি ভোজ


গোলাঘাট, ১৩ জানুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ অ.গ.প কাৰ্যালয়ত উৰুকাৰ প্ৰীতি ভোজ। গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় ভোগালী বিহুৰ উৰুকা বিশেষ প্ৰীতি ভোজ। প্ৰীতি ভোজত উপস্থিত থাকে অসমৰ কেবিনেট মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা।

গোলাঘাট জিলাৰ সংবাদ কৰ্মী সকলৰ লগত এক সৌহাদ্যমূলক আলোচনাত মিলিত হোৱাৰ লগতে মত বিনিময় কৰে।লগতে কংগ্ৰেছত কিছুদিনৰ আগত যোগদান কৰা ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছৰ উপ দলপতি গৌৰৱ গগৈৰ উপস্থিতিত উজনি অসমৰ ক্ষেত্ৰত যি বিৰূপ মন্তব্য আগবঢ়ায় সেই সন্দৰ্ভত জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে গৰিহণা দিয়াৰ লগতে এই বিৰূপ মন্তব্য আগবঢ়োৱা ৰেজাউল কৰিম সৰকাৰৰ ওপৰত দলীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য আগবঢ়ায়। অগপ কৰ্মী সকলৰ সৈতে বিভিন্ন শুভাকাংশী সকলৰ উপস্থিতিত প্ৰীতিৰে এসাঁজ খোৱাৰ লগতে ভোগালী বিহুৰ ওলগ জনায় মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande