ভোগালীৰ উৰুকাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিগৰাকী লোকক মাছ আৰু জহা চাউল বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে তামুলপুৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী দয়াল দাসে।
তামুলপুৰ, ১৩জানুৱাৰী (হি.স.)। ভোগালীৰ উৰুকাৰ বাবে প্ৰতি বছৰৰ দৰেই এইবেলিও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিগৰাকী লোকক প্ৰায় ২/৩ কেজি ওজনৰ মাছ আৰু ২ কিলোগ্ৰাম জহা চাউল বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে তামুলপুৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী
ভোগালীৰ উৰুকাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিগৰাকী লোকক মাছ আৰু জহা চাউল বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে তামুলপুৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী দয়াল দাসে।


তামুলপুৰ, ১৩জানুৱাৰী (হি.স.)। ভোগালীৰ উৰুকাৰ বাবে প্ৰতি বছৰৰ দৰেই এইবেলিও দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিগৰাকী লোকক প্ৰায় ২/৩ কেজি ওজনৰ মাছ আৰু ২ কিলোগ্ৰাম জহা চাউল বিতৰণ কৰি মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিছে তামুলপুৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী দয়াল দাসে।

আজি চহা অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। নিশা লগে ভাগে এসাজ খোৱাৰ বাবে প্ৰস্তুতি চালাইছে প্ৰতি গৰাকী অসমীয়াই। ভোগালী বিহুৰ দিনা তামুলপুৰ এগৰাকী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে। তামুলপুৰৰ যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী দয়াল দাসে তামুলপুৰ জিলাৰ বহু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ মাজত বিতৰণ কৰে মাছ আৰু চাউল। বিগত কেবাবছৰ পৰা দয়াল দাসে বিতৰণ কৰি আহিছে সামগ্ৰী সমূহ। দয়াল দাসৰ এই মহানুভৱতাৰ বাবে সকলোকে প্ৰশংসা কৰে l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande